মালয়েছিয়াৰ নতুন প্ৰধানমন্ত্ৰী

ইন্টাৰনেচনেল ডেস্ক-

মালয়েছিয়াৰ নৃপতিয়ে শুকুৰবাৰে ইছমাইল চাব্ৰি য়াকুবক মুহিদ্দিন য়াছিনৰ ঠাইত দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে। মুহিদ্দিন য়াছিনে তেওঁৰ সংসদীয় সংখ্যাগৰিষ্ঠতা হেৰুৱাই এই সপ্তাহত পদত্যাগ কৰে।

ইছমাইল চাব্ৰিয়ে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰখনে কোভিড-১৯ ৰ সংক্ৰমণ বৃদ্ধি আৰু অৰ্থনৈতিক মন্দাৱস্থাৰ সৈতে যুঁজি থকাৰ সময়ত প্ৰধান মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। উল্লেখ্য যে শনিবাৰে ইছমাইল চাব্ৰি য়াকুবে মালয়েছিয়াৰ প্ৰধান মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.