মিজোৰামত উদ্ধাৰ বৃহৎ পৰিমানৰ হেৰ’ইন!

মিজোৰামত উদ্ধাৰ বৃহৎ পৰিমানৰ হেৰ’ইন। জানিব পৰা মতে, ভাৰত-ম্যানমাৰ সীমান্তৰ চাম্ফাই জিলাৰ ভেংলাই গাঁৱত চলোৱা এক তালাচী অভিযানত অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নৰ সৈন্যই উদ্ধাৰ কৰে মুঠ ৭৫১.২ গ্ৰাম হেৰ’ইন। উদ্ধাৰ হোৱা হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ৩ কোটি টকা ।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মিজোৰামৰ আবকাৰী আৰু নাৰ্কোটিক বিভাগে সোমবাৰে ৰাজ্যখনৰ দুটা স্থানৰ পৰা ১৪ লাখ টকা মূল্যৰ ৫০৩ গ্ৰাম হেৰ’ইনসহ তিনিজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.