মিজোৰামত নিষিদ্ধ মেথাম্ফেটামিন টেবলেট জব্দ!

চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অসম ৰাইফলছৰ বৃহৎ সফলতা। নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি ৮ অসম ৰাইফলছে চলোৱা এটা অভিযানত মিজোৰামৰ চাম্ফাই জিলাত প্ৰায় ১ কোটি টকাৰ অধিক মূল্যৰ প্ৰায় পাঁচ কিলোগ্ৰাম ওজনৰ মুঠ ৫১ হাজাৰ নিষিদ্ধ মেথাম্ফেটামিন টেবলেট জব্দ কৰে। ঘটনা সন্দৰ্ভত তিনিজন সৰবৰাহকাৰীক আটক কৰে অসম ৰাইফলছৰ জোৱানে। আনহাতে পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে নিষিদ্ধ টেবলেটসহ তিনি সৰবৰাহকাৰীক মিজোৰামৰ চম্ফাই আৰক্ষীক হস্তান্তৰ কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.