মুখ্যমন্ত্ৰীৰ লগত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ আলোচনা

মুখ্যমন্ত্ৰীৰ লগত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ আলোচনা

গুৱাহাটী, ১ জুনঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ প্ৰতিনিধিৰ বৰ্গৰ লগত আজি আবেলি লোক সেৱা ভৱনত মুখ্যমন্ত্ৰী সভাকক্ষত আলোচনা অনুষ্ঠিত হয় । আলোচনা কালত ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰীয়ে লাভ কৰাৰ দৰে শিক্ষক সমাজকো ক্ষেত্ৰতো আৰ্জিত ছুটি বছৰি দহ দিনৰ পৰিৱৰ্তে ৩০ দিনলৈ বৃদ্ধিৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিয়া উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ প্ৰতিবেদন ভিত্তিত কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ বিভিন্ন ৰাজ্যৰ শিক্ষকে লাভ কৰা চুটিৰ সুবিধা সমূহৰ লগত অসমৰ শিক্ষক সমাজে লাভ কৰা চুটিৰ তুলনামূলক পৰ্যালোচনা কৰি পৰৱৰ্তী কেবিনেটত আৰ্জিত ছুটিৰ ক্ষেত্ৰত এক যোগাত্মক সিদ্ধান্ত ঘোষণাৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে চিকিৎসা জনিত চুটি,অনুকম্পামূলক চুটিৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীয়ে ফলপ্ৰসূ সিদ্ধান্ত লোৱাৰ কথা অৱগত কৰে। সমগ্ৰ শিক্ষাৰ অন্তৰ্গত নৱ নিযুক্ত শিক্ষক সকলৰ বাৰ্ষিক বৃদ্ধিৰ সমস্যা তৎকালে সমাধান কৰিবলৈ নিৰ্দেশ দিয়ে । এইক্ষেত্ৰত তেওঁলোকৰ প্ৰতি অন্যায় নকৰিবলৈ কোৱা হয় । বিদ্যালয় প্ৰধান নিযুক্তি, প্ৰাথমিক স্তৰৰ শিক্ষক সকলৰ গ্ৰেড পে সম্পৰ্কত বিতং আলোচনা কৰা হয় । লগতেশিক্ষকৰ পদোন্নতিৰ সুবিধা, বিনামূলীয়া পাঠ্যক্ৰমযোগাৰ, আসোঁৱাহ,আলোচনী প্ৰকাশৰ বাবে ব্যৱস্হা গ্ৰহণ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিধানসভা দৰ্শন, মক প্ৰালিয়ামেন্ট,তৰ্ক প্ৰতিযোগিতা আৰু কুইজ প্ৰতিযোগিতা অসম ভিত্তিত ছাত্ৰ -ছত্ৰী মাজত অনুষ্ঠিত কৰা আদি বিষয়ো সমৰি লোৱা হয় । সভাত শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, মুখ্য সচিব ড০ ৰবি কোটা, সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালক ডাঃ ওম প্ৰকাশ,বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, এছ এন চৌধুৰী, প্ৰাথমিক শিক্ষা সঞ্চালিকা সুৰঞ্জনা সেনাপতি, মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোজাই, উপ সঞ্চালক
প্ৰশান্ত বৰা, ভৱানী কলিতা আদিৰ উপৰিও চৰকাৰৰ বিষয়াবৰ্গ উপস্থিত থাকে ।
আনহাতে সদৌ অসম সন্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিত বৰঠাকুৰ, মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তী, কোষাধ্যাক্ষ দ্বীপেন শৰ্মা, প্ৰচাৰ সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী, সুনন্দ কলিতা উপস্থিত থাকে। সভাত বিশেষ ভাৱে উপস্থিত থাকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সম্পাদক প্ৰধান পংকজ বৰ্মন লগতে ব্ৰজেন চেতিয়া। আলোচনা কালত মুখ্যমন্ত্ৰীয়ে শিক্ষকৰ আৰ্জিত চুটিৰ দাবী বিষয়টো ইমানতে অন্ত পেলাবলৈ আহ্বান জনায়।

You might also like
Leave A Reply

Your email address will not be published.