মুষলধাৰ বৰষুণৰ কবলত চীন!

মুষলধাৰ বৰষুণৰ কবলত সমগ্ৰ দক্ষিণ চীন। দক্ষিণ চীনত মুষলধাৰ বৰষুণৰ ফলত মৃত্যু হৈছে কমেও ১৫ গৰাকী লোকৰ। চীনৰ পূব উপকূলৰ ওচৰৰ ফুজিয়ান প্ৰদেশত নেৰানেপেৰা বৰষুণৰ ফলত সংঘটিত হোৱা ভূমিস্খলনত দুটা অট্টালিকা খহি পৰাত মৃত্যু হয় ৮ গৰাকী লোকৰ। দক্ষিণ-পশ্চিম চীনৰ য়ুনান প্ৰদেশত আন ৫ গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে সন্ধানহীন ৩ গৰাকী। চৰকাৰী সূত্ৰই জনোৱা অনুসৰি গুয়াংছি অঞ্চলৰ জিনচেং দেশত শুকুৰবাৰে ৩ শিশু বানত উটি যোৱাৰ ফলত দুটি শিশু মৃত্যুমুখত পৰে। ভিয়েটনামৰ সীমান্তৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ উত্তৰে অৱস্থিত য়ুনানৰ কিউবেই ধুমুহাৰ ফলত কাউণ্টিত ৰাস্তা, দলং, দূৰসংযোগ আৰু বিদ্যুৎ সেৱা ব্যাহত হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.