মেক্সিকোত ভয়ংকৰ গুলীচালনা।

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোত ভয়ংকৰ গুলীচালনা। উত্তৰ মেক্সিকোৰ বাজা কেলিফৰ্ণিয়াত অনুষ্ঠিত হোৱা কাৰ ৰেচ প্ৰদৰ্শনীত কোনো অচিনাক্ত আততায়ীৰ বন্দুকৰ গুলীত কমেও ১০ জন ৰোড ৰেচাৰ নিহত হোৱাৰ বিপৰীতে আহত হয় আন ৯ জন লোক। বাজা কেলিফৰ্ণিয়া ৰাজ্যিক এটৰ্নী জেনেৰেলৰ কাৰ্যালয়ৰ মতে, দিনৰ প্ৰায় ২:১৮ বজাত এনচেনাডাৰ ছান ভিচেণ্টে চুবুৰীত অল টেৰেইন কাৰ ৰেচ প্ৰদৰ্শনীত সংঘটিত হয় এই ঘটনাটো । তথ্য মতে, ধূসৰ ৰঙৰ বাহনৰ পৰা দীঘল বন্দুক লৈ আততায়ীজনে ওলাই আহি পেট্ৰ’ল পাম্পত অংশগ্ৰহণকাৰীসকলৰ ওপৰত ধাৰাসাৰ গুলীচালনা আৰম্ভ কৰে। মেক্সিকান ৰেড ক্ৰছ, অগ্নিনিৰ্বাপক বাহিনী, মেৰিন আৰু ৰাজ্যিক আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।আহতসকলক মেক্সিকান ৰেড ক্ৰছে উত্তৰ বাজা কেলিফৰ্ণিয়াৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.