মেঘালয় বিধানসভাত কংগ্ৰেছৰ খহনীয়া

এসময়ৰ কংগ্ৰেছৰ অভেদ্য দূৰ্গ মেঘালয়ত ৰাজনৈতিক ধুমুহা।বিধান সভাত দ্বিতীয় সংখ্যাগৰিষ্ঠ দলৰ মৰ্যদাও ধৰি ৰাখিব নোৱাৰিলে দলটোৱে।দলীয় আভ্যন্তৰীণ সংঘাতৰ পৰিনতিত মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ মুকুল চাংমা সহ ১২ গৰাকী কংগ্ৰেছ বিধায়কে যোগ দিলে বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমুল কংগ্ৰেছত।৬০ জনীয়া মেঘালয় বিধানসভাৰ ১৮ গৰাকী কংগ্ৰেছ বিধায়কৰ ১২ জনেই দল ত্যাগ কৰাৰ পাছত প্ৰধান বিৰোধী দলৰ মৰ্যদা হেৰুওৱালে কংগ্ৰেছে।ইয়াৰ বিপৰীতে ২০১৮ চনৰ নিৰ্বাচনত এখনো আসনত নিজিকাকৈ মেঘালয় বিধানসভাত দ্বিতীয় সংখ্যাগৰিষ্ঠ দল হোৱাৰ পথ প্ৰশস্ত হ’ল তৃণমুল কংগ্ৰেছৰ।।

You might also like
Leave A Reply

Your email address will not be published.