মেলিটোপোলৰ অপহৃত মেয়ৰক ৰাছিয়াৰ মুক্তি!

মেলিটোপোল চহৰৰ অপহৃত মেয়ৰ ইভান ফেডোৰভক ৰাছিয়াৰ বাহিনীৰ মুক্তি। খৱৰটো সদৰি কৰে উক্ৰেইনৰ সংবাদ মাধ্যমে। ৰাছিয়াৰ সেনা বাহিনীয়ে মেয়ৰ ফেডোৰভক ইউক্ৰেইনৰ মেলিটোপোল চহৰৰ বন্দী বিনিময় চুক্তিৰ অংশ হিচাপে মুকলি কৰি দিয়ে। উল্লেখ্য যে ৰাছিয়াৰ সৈন্যই পাঁচ দিন আগতে মেয়ৰ ইভান ফেডোৰভক অপহৰণ কৰিছিল। জানিব পৰা মতে, ৯ জন ৰাছিয়ান কনস্ক্ৰিপ্ট সৈনিকৰ বিনিময়ত মুকলি কৰি দিয়া হৈছিল মেয়ৰ গৰাকীক। উল্লেখ্য যে, মেয়ৰ ফেডোৰভৰ অপহৰণৰ পিছতে মেলিটোপোলৰ বাসিন্দাসকলে তেওঁৰ অপহৰণৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ।

You might also like
Leave A Reply

Your email address will not be published.