যুগৰ অৱসান! বিদায় মিলখা

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

The Flying Sikh মিলখা সিং আৰু নাই। শুকুৰবাৰে নিশা ৯১ বছৰ বয়সত দেশৰ কিংবদন্তি ক্ৰীড়াবিদ গৰাকীৰ দেহাৱসান ঘটে। চণ্ডীগড়ৰ PGIMER হস্পাটালত ক’ভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা মিলখা সিঙে মাত্ৰ ৫ দিন পূৰ্বে ক’ভিডত হেৰুৱাইছিল ৮৫ বছৰীয়া পত্নী ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়িকা নিৰ্মল কৌৰক।

এছিয়ান গেমছৰ ৪ বাৰকৈ স্বৰ্ণজয়ী মিলখা সিঙে ১৯৫৬ চনৰ পৰা ১৯৬৪ চনলৈ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিছিল।

মিলখাৰ মহাপ্ৰয়াণত দেশৰ ৰাষ্ট্ৰপতি,প্ৰধানমন্ত্ৰী প্ৰমুখ্যে বিভিন্ন জনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ক্ৰীড়াজগত ।।

You might also like
Leave A Reply

Your email address will not be published.