যোৰহাটত ক’ভিডত মৃত্যু প্ৰাক্তন ৰাজ্যিক খেলুৱৈৰ

বিশেষ সংবাদদাতা

যোৰহাটৰ কাকজান ক্ৰিড়া সন্থাৰ সদস্য তথা প্ৰাক্তন ৰাজ্যিক ফুটবল খেলুৱৈ মফিজুৰ ৰহমান(৫৮)ৰ ক’ভিডত আক্ৰান্ত হৈ আজি যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়।মফিজুৰ ৰহমান জলসিঞ্চন বিভাগৰ কৰ্মচাৰী আছিল।মৃত্যুৰ সময়ত তেওঁ পত্নী,পুত্ৰ-কন্যা সহ আত্মীয় স্বজনক এৰি থৈ গৈছে। একালৰ সুদক্ষ খেলুৱৈজনৰ মৃত্যুত কাকজান ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ প্ৰমুখ্যে বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.