নেচনেল ডেস্ক:
মঙলবাৰে দক্ষিণ কাশ্মীৰৰ শোপিয়ান জিলাত নিৰাপত্তাৰক্ষী আৰু নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীৰ মাজত হংঘটিত হয় ভয়ংকৰ সংঘৰ্ষ। শোপিয়ান জিলাৰ নাগবল অঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত দুটা দুধৰ্ষ সন্ত্ৰাসবাদী নিহত হয়। উল্লেখ্য যে, নাগবল অঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি নিৰাপত্তা বাহিনীয়ে আৰম্ভ কৰে কৰ্ডন আৰু তালাচী অভিযান। অভিযানৰ সময়ত এনকাউণ্টাৰত নিহত হয় সন্ত্ৰাসবাদী দুটা।।