লাহৰিজানত আঢ়ৈ কোটিৰ ড্ৰাগছ সহ ধৃত ১

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত-

বোকাজানৰ লাহৰিজানত পুনৰ বিপুল পৰিমাণৰ ড্ৰাগছ সহ এজনক গ্ৰেপ্তাৰ। আজি নিশা প্ৰায় ৯ বজাত লাহৰিজান আৰক্ষী চকীৰ সমুখৰ নাকা চেকিঙত মনিপুৰৰ পৰা গুৱাহাটী অভিমুখী MN-06B-1341 নম্বৰৰ বাছখনৰ পৰা ২৭ টা চাবোনৰ বাকচত ভৰাই অনা ৩৩৯.১৬ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰা হয়।উদ্ধাৰ হোৱা হেৰ’ইন খিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি ৫০ লাখ টকা বুলি জানিব পৰা গৈছে।এই বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে মনিপুৰৰ বিষ্ণুপুৰৰ মহম্মদ আজাদ খান নামৰ এটা সৰবৰাহকাৰীক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.