লিভ-ইন পাৰ্টনাৰৰ অপৰাধে চানিছে দেশ!

ফ্ৰীজত নিক্কিৰ মৃতদেহৰ পাছত বিচনাৰ তলত ওলাল নিথৰ মেঘা

National desk:

মুম্বাইত মঙলবাৰে সংঘটিত হয় ভয়ংকৰ হত্যাকাণ্ড । লিভ ইন পাৰ্টনাৰক হত্যা কৰি মৃতদেহ লুকুৱাই ৰাখিলে বিচনাৰ তলত।দুদিন পূৰ্বে সংঘটিত হোৱা ভয়ংকৰ হত্যাকাণ্ডটো সোমবাৰে সন্ধিয়া পোহৰলৈ আহে বুলি আৰক্ষী বিষয়াসকলে জানিবলৈ দিয়ে।বিগত দুমাহৰ পৰা নলাসোপাৰা পূৱৰ তুলিঞ্জ ৰোডৰ সীতা সদন বিল্ডিঙৰ এটা ভাড়া কোঠাত আছিল দুয়োজন প্ৰেমিক – প্ৰেমিকা ।হত্যাকাণ্ড সংঘটিত কৰা প্ৰেমিকজন মালাডৰ এজন হীৰা ব্যৱসায়ীৰ পুত্ৰ হাৰ্দিক শ্বাহ আৰু প্ৰেমিকা মেঘা টৰভি পেছাত এগৰাকী নাৰ্ছ। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হাৰ্দিক শ্বাহক।ছমাহ পূৰ্বে মেঘা টৰভিয়ে লগ পাইছিল হাৰ্দিক শ্বাহক।

আৰক্ষীয়ে জনোৱা মতে, বিগত ছমাহৰ পৰা এই প্ৰেমিক প্ৰেমিকা হালৰ মাজত সম্পৰ্ক আছিল।দেওবাৰে তেওঁলোকৰ মাজত কিছু কথাত কাজিয়া হয় যাৰ ফলস্বৰূপে প্ৰেমিক শ্বাহে মেঘাক ডিঙি চেপি হত্যা কৰে।ইয়াৰ পিছতে শ্বাহে মেঘাৰ মৃতদেহটো বিছনাৰ তলত লোকোৱাই থৈ ঘৰৰ কিছু আচবাব বিক্ৰী কৰি পলায়ন কৰে।

সোমবাৰে অট্টালিকাটোৰ বাসিন্দাসকলে কোঠাটোৰ পৰা দুৰ্গন্ধ পাই খবৰ দিয়ে স্থানীয় আৰক্ষীক।আৰক্ষীয়ে দুৱাৰ ভাঙি কোঠাটোত প্ৰৱেশ কৰে আৰু মহিলাগৰাকীৰ মৃতদেহ বিচনাৰ তলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে।

আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে পুৱা মুম্বাই চেণ্ট্ৰেল ৰেলৱে ষ্টেচনৰ পৰা ৰাজস্থানলৈ যোৱা ৰেলত উঠিছিল হত্যাকাৰী শ্বাহ। ৰে’ল আৰক্ষী বাহিনীৰ সহায়ত ৰাজস্থানৰ নাগডা ৰেল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰে হত্যাকাৰী হাৰ্দিক শ্বাহক।

You might also like
Leave A Reply

Your email address will not be published.