শিক্ষাৰ পোহৰেৰে আলোকিত কৰা শিমলুগুৰিৰ শিক্ষয়ত্ৰী মনোৱাৰা বেগমৰ আৰু নাই!

মনোৱাৰা বেগমৰ সোমবাৰে শ্বিলং স্থিত নেগ্ৰিমছ চিকিৎসালয়ত দিনৰ ১;৩০ মিনিটত ‌হৃদক্ৰিয়া বন্ধ হৈ চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে

নিউজ ডেস্ক:

শিক্ষাৰ পোহৰেৰে আলোকিত কৰা শিমলুগুৰিৰ শিক্ষয়ত্ৰী মনোৱাৰা বেগমৰ আৰু নাই।
নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি গাঁৱৰ প্ৰতিষ্ঠাপক অধ্যাক্ষা, ধৰ্মপৰায়ণা, সৰৱৰহী মহিলা মনোৱাৰা বেগম (৫১)ৰ সোমবাৰে শ্বিলং স্থিত নেগ্ৰিমছ চিকিৎসালয়ত দিনৰ ১ বাজি ৩০ মিনিটত ‌হৃদক্ৰিয়া বন্ধ হৈ চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে।‌ উল্লেখ্য যে, সংখ্যালঘু অঞ্চলৰ পৰা পোন প্ৰথমবাৰৰ বাবে সোণাইঘাট হাইস্কুলৰ পৰা ১৯৮৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ মনোৱাৰা বেগমে পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। শিমলুগুৰিত নিজা প্ৰচেষ্টাৰে নেচনেল বিদ্যা নিকেতন নামেৰে এখনি জাতীয় বিদ্যালয় স্থাপন কৰি উক্ত অঞ্চলত দুখীয়া দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদানৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছিল সৰবৰহী অধ্যাক্ষা মনোৱা বেগমে। পৰৱৰ্তী সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈ শিক্ষয়ত্ৰী গৰাকী শ্বিলঙৰ এখনি চিকিৎসালয়ত হৃদৰোগ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শত চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল যদিও হঠাৎ মহিলা গৰাকীৰ মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

উল্লেখযোগ্য যে আজি মহিলাগৰাকীৰ মৃতদেহ নিজা বাসগৃহত উপস্থিত হোৱাৰ পাছতেই ঘৰখন এক শোকাকুল পৰিবেশে বিৰাজ কৰে। পৰৱৰ্তী সময়ত সম্পূৰ্ণ আধ্যাত্মিক ৰীতি-নীয়মৰ মাজেৰে জানাজা নামাজ সম্পন্ন কৰা হয় শিক্ষয়ত্ৰী গৰাকীৰ। উক্ত জানাজা নামাজত অঞ্চলটোৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলত হাজাৰৰো অধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

তেখেতে মৃত্যুৰ সাংবাদিক জেহিৰুল ইছলামে শোক প্ৰকাশ কৰি কয় যে তেখেতৰ মৃত্যু শৈক্ষিক সমাজৰ বাবে এক বৃহৎ ক্ষতি। আনহাতে তেওঁৰ মৃত্যুত বৰভেটি গাওঁ পঞ্চায়তৰ সভানেত্ৰী নিলাঙ্কৃতা বৰদলৈ, আঞ্চলিক সদস্য তাৰিক আহমেদ, সোণাইঘাট হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰাধান শিক্ষয়িত্ৰী আলমআৰা বেগমৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ ওপৰিও বহুতো লোকে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে ইহ সংসাৰত স্বামী আমিৰ হামজা মীৰ, এগৰাকী অবিবাহিত কন্যা সন্তান লগতে বহুতো আত্মীয় স্বজনক এৰি থৈ যায়।।

You might also like
Leave A Reply

Your email address will not be published.