শোকসভালৈ যাওঁতেই শোকাৱহ দুৰ্ঘটনাত ৪ লোকৰ প্ৰাণহানি

নেচনেল ডেস্ক:

 

ৰাজস্থানৰ চিৰোহি জিলাৰ আবু ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন দ্ৰুতবেগী বাহনে এখন ৰখাই থোৱা ট্ৰাকত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত চাৰিজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে ৯জন লোক গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ সময়ত ১৩গৰাকী যাত্ৰী দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল। জানিব পৰা মতে বাহনখন চিৰোহি জিলাৰ মাৱাল গাঁৱৰ এক শোকসভালৈ বুলি গৈ থকা অৱস্থাতে সংঘটিত হয় পথ দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহতসকলক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱায়।।

You might also like
Leave A Reply

Your email address will not be published.