সংকটত টকিঅ’ অলিম্পিক!

স্পৰ্টছ ডেস্ক-

টকিঅ’ অলিম্পিক আয়োজকৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে দেখা দিছে কোভিড -১৯ সংক্ৰমণে। টকিঅ’ অলিম্পিক ২০২০ ৰ আয়োজকসকলে জানাইছে যে অলিম্পিক ভিলেজত বাস কৰা দুজন খেলুৱৈ কোভিড-১৯ত আক্ৰান্ত হৈছে। সামগ্ৰিকভাৱে ১১ নতুন কোভিড-১৯ পজিটিভ হৈছে , যাৰ ভিতৰত দুজন খেলুৱৈ আছে। বৰ্তমান মুঠ আক্ৰান্তৰ সংখ্যা ৮৬ লৈ বৃদ্ধি পালে।

শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া টকিঅ’ অলিম্পিক ২০২০ গেমছ এক অভূতপূৰ্ব পৰিস্থিতিত অনুষ্ঠিত হৈছে, যাৰ ভিতৰত আছে কোভিড-১৯ৰ সংক্ৰমণ প্ৰতিহত কৰাৰ বাবে কঠোৰ কোৱাৰেন্টিনৰ নিয়ম।।

You might also like
Leave A Reply

Your email address will not be published.