সংঘৰ্ষত নিহত কুখ্যাত বুবু কোঁৱৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী বুবু কোঁৱৰ। ৪২ টাকৈ হত্যাৰ গোচৰত অভিযুক্ত বুবু কোঁৱৰৰ বিৰুদ্ধে দুকুৰিৰো অধিক গোচৰ পঞ্জীভুক্ত আছিল বিভিন্ন থানাত। গাড়ী চুৰি,ড্ৰাগছৰ সৰবৰাহৰ পৰা আৰম্ভ কৰি হানি ট্ৰেপিঙলৈকে বিভিন্ন জঘন্য অপৰাধত অভিযুক্ত আছিল বুবু কোঁৱৰ।অসম নগালেণ্ড সীমান্তৰ দেওপানীত আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাওঁতেই সংঘৰ্ষত নিহত হয় কুখ্যাত অপৰাধীটো। আৰক্ষীয়ে নিহত বুবুৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.