সততাৰে অসম আৰক্ষীৰ শিৰ উচ্চ কৰিলে বৰছিঙে

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সততা আৰু কৰ্তব্যনিষ্ঠাৰ চানেকিৰে উজলি উঠিল অসম আৰক্ষীৰ এজন গৃহৰক্ষী জোৱান। নাম তেওঁৰ বৰছিং বে’। কাৰ্বি আংলঙৰ ডিলাই থানাত কৰ্মৰত এইজন জোৱানে উৎকোচ লৈ একেৰাতিতে কোটিপতি হোৱাৰ সুযোগ পাইছিল। কিন্তু এই দুস্কাৰ্যৰ বিপৰীতে তেওঁৰ সহযোগীতাৰ বাবেই ১২ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী।

বৰছিঙৰ এই মহান দায়িত্ববোধৰ কথা জানিব পাৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই গৃহৰক্ষী জোৱান জনলৈ পুৰস্কাৰ ৰূপে ঘোষণা কৰিলে ১ লাখ টকা। কাৰ্বি আংলঙৰ এইজন অখ্যাত জোৱান একেৰাতিৰ ভিতৰতে সহজ ধনেৰে কোটিপতি হোৱাৰ বিপৰীতে এতিয়া হৈ পৰিছে অসম আৰক্ষীৰ বাবে আদৰ্শ তথা সমগ্ৰ ৰাজ্যবাসীৰ ভুয়সী প্ৰশংসাৰ পাত্ৰ। ।

You might also like
Leave A Reply

Your email address will not be published.