সতীৰ্থই গুলীয়াই হত্যা কৰিলে ৪ সহকৰ্মীক

নেচনেল ডেস্ক-

ছত্তীশগড় চিআৰপিএফৰ শিবিৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ছত্তীশগড়ৰ শিবিৰত গুলীচালনাত ৪ জন চিআৰপিএফ জোৱান নিহত।
এজন আৰক্ষী বিষয়াই জনোৱা মতে সোমবাৰে ছত্তীশগড়ৰ চুকমা জিলাৰ অৰ্ধসামৰিক বাহিনীৰ এটা শিবিৰত তেওঁলোকৰ সহকৰ্মীয়ে গুলীয়াই হত্যা কৰে চাৰিজন চিআৰপিএফ জোৱান। গুলিচালনাত আহত হয় তিনিজন জোৱান।

ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত জিলাখনৰ লিংগামপল্লী গাঁৱত চিআৰপিএফৰ ৫০ সংখ্যক বেটেলিয়নৰ শিবিৰত পুৱা প্ৰায় ৩.৩০ বজাত এই ঘটনা সংঘটিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.