সমাগত ৫ সমষ্টিৰ উপ-নিৰ্বাচনত ৩১ প্ৰাৰ্থী

৩০ অক্টোবৰত অসম বিধানসভাৰ পাঁচটা সমষ্টিত আগন্তুক উপ-নিৰ্বাচনৰ বাবে শনিবাৰে মনোনয়ন প্ৰত্যাহাৰ কৰাৰ পিছত মুঠ ৩১ জন প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হ’ব। গোসাইগাঁও, ভাবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ- নিৰ্বাচনীৰ বাবে অন্তিম দিনা ৮ জনে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীসকলৰ ভিতৰত আছে তামুলপুৰ সমষ্টিৰ তিনিজন আৰু গোসাইগাঁওৰ পাঁচজন।

বৰ্তমানৰ বিধায়কৰ মৃত্যুৰ বাবে গোসাইগাঁও আৰু তামুলপুৰত উপ-নিৰ্বাচনৰ প্ৰয়োজন হৈছিল। আনহাতে ভাবানিপুৰ, মৰিয়নি আৰু থাওৰাৰ ক্ৰমে এ আই ইউ ডি এফ আৰু কংগ্ৰেজৰ বিধায়কে শাসকীয় বিজেপিত যোগদান কৰি বিধায়ক পদৰ পৰা পদত্যাগ কৰাৰ ফলত সমষ্টিকেইটাত উপ-নিৰ্বাচন আসন্ন হৈ পৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.