সহপাঠীৰ দলবদ্ধ ধৰ্ষণৰ বলি ১১ বছৰীয়া কিশোৰী!

নেচনেল ডেস্ক:

 

 

গৰাকী ১১ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ। এজন সহপাঠীৰ লগতে একে বিদ্যালয়ৰে আন ৩ ছাত্ৰৰ কামনাৰ বলি এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰী। চণ্ডীগড়ত সংঘটিত হৈছে এই জঘণ্য ঘটনা। জানিব পৰা মতে প্ৰায় ১৫ দিন পূৰ্বে ৪ কিশোৰে ভূক্তভুগী কিশোৰীগৰাকীক বিদ্যালয়ৰ বাহিৰত আৱদ্ধ কৰি বলপূৰ্বকভাৱে ওচৰৰে এখন জংঘললৈ লৈ গৈ সংঘটিত কৰে এই জঘণ্য কাণ্ড। ধৰ্ষণকাণ্ড সংঘটিত কৰি এই বিষয়ে কিশোৰীগৰাকীয়ে কোনো লোকক অৱগত কৰিলে কিশোৰীগৰাকীৰ বিৰুদ্ধে মিছা অভিযোগ দাখিল কৰিব বুলি ব্লেকমেইলিং কৰে অভিযুক্ত ৪ কিশোৰে। পাছত আতংকিত ভুক্তভোগী কিশোৰী গৰাকীয়ে এই জঘণ্য ঘটনাৰ বিষয়ে নিজ মাতৃক অৱগত কৰাত কিশোৰী গৰাকীৰ মাতৃয়ে বিদ্যালয় কৰ্তৃপক্ষক সমগ্ৰ ঘটনা দৃষ্টিগোচৰ কৰে। বিদ্যালয় কৰ্তৃপক্ষই চাইল্ড লাইনক এই বিষয়ে খবৰ দিয়াৰ লগতে আৰক্ষীকো অৱগত কৰে।অভিযুক্ত কিশোৰকেইটাক আৰক্ষীয়ে আটক কৰি পৰৱৰ্তী সময়ত শিশু সংস্কাৰ গৃহলৈ প্ৰেৰণ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.