সীমান্তত সেনাৰ বৃহৎ সাফল্য

অসম ৰাইফলছৰ বৃহৎ সফলতা। ইণ্ডো-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত এক বনাঞ্চলৰ পৰা উদ্ধাৰ বৃহৎ পৰিমাণৰ আই ই ডি আৰু যুদ্ধসদৃশ ভাণ্ডাৰ। অসম ৰাইফলছৰ মহাপৰিদৰ্শক (দক্ষিণ)য়ে জনায় যে অসম ৰাইফলছৰ ম’ৰে বেটেলিয়নে মণিপুৰৰ টেংনুপাল জিলাৰ ইণ্ডো-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত এক বনাঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ আই ই ডি আৰু যুদ্ধসদৃশ ভাণ্ডাৰ জব্দ কৰিছে। অসম ৰাইফলছৰ জোৱানে দেওবাৰে নিশা বনাঞ্চলৰ ডাঠ পাতৰ আঁৰত লুকাই থকা বাকচবোৰ চিনাক্ত কৰি ভালদৰে পৰীক্ষা কৰাত প্ৰায় ২৫০ কিলোগ্ৰাম ওজনৰ আই ই ডি আৰু বৃহৎ পৰিমাণৰ অন্যান্য বিস্ফোৰক উদ্ধাৰ হোৱাৰ লগতে যুদ্ধসদৃশ ভাণ্ডাৰ পৰিলক্ষিত হৈছিল।

জব্দ কৰা সামগ্ৰীবোৰৰ ভিতৰত আছে বিভিন্ন ওজনৰ ১৯৭ টা আই ই ডি, ৫০ মিটাৰ ডিটোনেটিং কৰ্ড, কিছু বৈদ্যুতিক তাঁৰ, ১২ ভ’ল্ট বেটাৰী আৰু ৫ কিলোগ্ৰাম আই ই ডি প্ৰস্তুত কৰা সামগ্ৰী।।

You might also like
Leave A Reply

Your email address will not be published.