সুনন্দা পুষ্কৰ গোচৰত দোষমুক্ত হ’ল শশী থাৰুৰ

নেচনেল ডেস্ক-

কংগ্ৰেছ নেতা তথা লোকসভাৰ সাংসদ শশী থাৰুৰক আজি দিল্লীৰ এখন আদালতে তেওঁৰ পত্নী সুনন্দা পুষ্কৰৰ সাত বছৰ পূৰ্বে দেশৰ ৰাজধানীৰ এখন পঞ্চতাৰকা হোটেলত মৃত্যুৰ গোচৰত নিৰ্দোষ সাব্যস্ত কৰে।একাধিকবাৰ স্থগিতকৰনৰ পাছত অৱশেষত আজি গোচৰটোৰ ৰায়দান কৰা হয়।
উল্লেখ্য যে, ২০১৪ চনৰ ১৭ জানুৱাৰীত দিল্লীৰ এখন পঞ্চতাৰকা হোটেলৰ কোঠাত সুনন্দা পুষ্কৰৰ মৃতদেহ উদ্ধাৰ হৈছিল। দিল্লী আৰক্ষীয়ে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰক গোচৰটোৰ মুখ্য অভিযুক্ত ৰূপে চিহ্নিত কৰিছিল। আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৪৯৮-ক আৰু ৩০৬ নং ধাৰাৰ অধীনত দাখিল কৰা অভিযোগ পত্ৰত শশী থাৰুৰৰ নাম উল্লেখ কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.