সৰবৰহী মহিলা,প্ৰাক্তন শিক্ষয়িত্ৰী নীৰা বৰুৱাৰ মৃত্যু

মহানগৰ সেৱা, এন ই ভাৰত

মহানগৰীৰ নাৰেংগী অঞ্চলৰ বয়োজেষ্ঠ নাগৰিক তথা একালৰ শিক্ষয়িত্ৰী নীৰা বৰুৱাৰ দেহাৱসান। আজি বিয়লি প্ৰায় ৩:২০ বজাত নাৰেংগীৰ বাসভৱনত ৮৪ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত মৃত্যু ঘটে সৰবৰহী মহিলাগৰাকীৰ।

যোৰহাট জিলাৰ টীয়কৰ প্ৰসিদ্ধ ‘অচ্যুত ভৱন’ৰ বোৱাৰী তথা ‘ধ্বনি কবি’ৰ ভাই বোৱাৰী সদাহাস্যময়ী নীৰা বৰুৱাই জীৱনৰ দীৰ্ঘ সময় টীয়কত থকা অৱস্থাত অঞ্চলবাসীৰ মাজত সকলোকে সহজে আপোন কৰি ল’ব পৰা এগৰাকী অমায়িক মহিলা ৰূপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। স্বামী সাংবাদিক,শিল্পী প্ৰভাত চন্দ্ৰ বৰুৱাৰ লগতে বৰপুত্ৰ মুকুন্দ মাধৱ বৰুৱাকো দুটা পৃথক পথ দুৰ্ঘটনাত অকালতে হেৰুওৱা প্ৰয়াত নীৰা বৰুৱাই গুৱাহাটীত কনিষ্ঠ পুত্ৰ সুলেখক,সাংবাদিক সুচান্দ মাধৱ বৰুৱাৰ সতে বাস কৰিছিল। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ,দুই জীয়ৰীৰ লগতে বোৱাৰী,জোঁৱাই, নাতি-নাতিনীসহ আত্মীয় স্বজনক এৰি থৈ গৈছে।।

সৰবৰহী মহিলাগৰাকীৰ মৃত্যুত গুৱাহাটীৰ নাৰেংগীৰ লগতে যোৰহাটৰ টীয়কতো শোকৰ ছাঁ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.