হিমাচলত বিধ্বংসী ডাৱৰ বিস্ফোৰণ

নেচনেল ডেস্ক, এন ই ভাৰত-

সোমবাৰে হিমাচল প্ৰদেশৰ ধৰ্মশালাৰ মেকল’ডগঞ্জৰ ওচৰৰ ভাগচু গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা আকস্মিক বানপানীৰ ফলত কেইবাখনো গাড়ী উটি যোৱাৰ লগতে ভালে সংখ্যক হোটেলো ক্ষতিগ্ৰস্ত হয়। যোৱা কেইদিনমান ধৰি ৰাজ্যখনত চলি থকা ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত হয় এই দূৰ্যোগ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ভৱিষ্যতবাণী কৰে যে হিমাচল প্ৰদেশত অনাগত দিনত বিভিন্ন স্থানত প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণ হ’ব। বতৰ বিজ্ঞান বিভাগে ১২ আৰু ১৩ জুলাইত সমভূমি আৰু মধ্য পাৰ্বত্য অঞ্চলত প্ৰবলৰ পৰা প্ৰবলতৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.