হোজাইৰ গীতাশ্ৰমত সংঘ শিক্ষা বৰ্গৰ সামৰণি

হোজাইৰ গীতাশ্ৰমত সংঘ শিক্ষা বৰ্গৰ সামৰণি
উত্তৰ পূৰ্বাঞ্চলৰ সভ্যতা -সংস্কৃতি ভাৰতৰ আন স্হানৰ পৰা পৃথক নহয়- সুনীল মহান্তি

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সভ্যতা-সংস্কৃতি ভাৰতৰ অন্য খণ্ডৰ পৰা কোনো কাৰণতে পৃথক নহয়, ই এক নিৰবচ্ছিন্নভাৱে বৈ থকা প্ৰবাহমান সুঁতি । আনকি ভাৰত ৰাষ্ট্ৰ নিৰ্মাণত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বীৰ-বীৰাংগনা, মহাপুৰুষ, সাংস্কৃতিক শিল্পী তথা সাহিত্যিকৰ অপৰিসীম অৱদান কোনো গুণে ক’ম নহয়। বৰং বহু সময়ত ভাৰতবৰ্ষৰ কিছু এলেকাতকৈ উত্তৰ পূৰ্বাঞ্চলৰ অৱদান বহু পৰিমাণে শলাৱলগীয়া ৷ এই অভিমত দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা তথা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ অসম ক্ষেত্ৰৰ প্ৰচাৰ প্ৰমুখ ড: সুনীল মহান্তিৰ ৷ হোজাই জিলাৰ হোজাইস্থিত গীতাশ্ৰমৰ সংস্কাৰ মন্দিৰ প্ৰকল্পত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, উত্তৰ অসম প্ৰান্তৰ ১০ মে’ ৰ পৰা আৰম্ভ হোৱা ১৫ দিনীয়া সংঘ শিক্ষা বৰ্গ (বিশেষ আৰু সামান্য )ৰ সামৰণি অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ড: মহান্তিয়ে, ভাৰতবৰ্ষৰ সাংস্কৃতিক অখণ্ডতা, পুৰাতন সভ্যতা, গৌৰৱশালী ইতিহাস, ভব্য ভৌগলিক অৱস্হান আৰু আধ্যত্মিক একাত্মতাবাদৰ ওপৰত বিস্তৃত ব্যাখ্যা আগবঢ়ায় ৷ উল্লেখ্য,ব্ৰহ্মপুত্ৰ উপত্যকা, মেঘালয় আৰু নাগালেণ্ডৰ একাংশকলৈ গঠিত উত্তৰ অসম প্ৰান্তৰ বিভিন্ন জিলাৰ পৰা ভিন্ন স্তৰৰ শিক্ষাৰ্থীয়ে নিজৰ ব্যক্তিত্ব আৰু সাংগঠনিক কৌশল বিকাশ কৰাৰ বাবে প্ৰতিবছৰে এই শিক্ষা বৰ্গত অংশগ্ৰহণ কৰে। আজিৰ সামৰণি অনুষ্ঠানত ধ্বজোত্তোলন আৰু সংঘ প্ৰাৰ্থনাৰে আৰম্ভ হোৱা সামৰণি অনুষ্ঠানত সহস্ৰাধিক জনতাৰ উপস্থিতিত সংঘ শিক্ষা বৰ্গ(সামান্য) ৰ ১৯৭ জন আৰু সংঘ শিক্ষা বৰ্গ(বিশেষ) ৰ ৩৫ জন শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে ৷ উক্ত শিক্ষাৰ্থী সকলে সামৰণি অনুষ্ঠানত বিভিন্ন প্ৰকাৰৰ শাৰিৰীক কাৰ্যক্ৰম প্ৰদৰ্শন কৰাৰ লগতে সাংঘিক গীত পৰিবেশন কৰে। সংঘ শিক্ষা বৰ্গ (সামান্য) ৰ সৰ্বাধিকাৰী প্ৰবীৰ কুমাৰ বৰুৱাই বৰ্গৰ প্ৰতিবেদন পাঠ কৰে । শিক্ষাৰ্থীৰ দ্বাৰা অমৃত বচন পাঠ আৰু ব্যক্তিগত গীত পৰিবেশনৰ পিছতেই অনুষ্ঠানত ভাৰতীয় তৈল নিগমৰ অৱসৰপ্ৰাপ্ত সঞ্চালক পংকজ কুমাৰ গোস্বামীয়ে মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেখেতে কয় যে সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়ে পৰস্পৰে পৰস্পৰক সময় দিলেহে আমাৰ সামাজিক সম্পৰ্কবোৰ সুদৃঢ হ’ব, সমাজ শক্তিশালী হ’ব । সংঘ শিক্ষা বৰ্গ ( বিশেষ ) ৰ বৰ্গাধিকাৰী মাজেন্দ্ৰ গয়াৰীয়ে সামৰণি অনুষ্ঠানত শলাগৰ শৰাই আগবঢায় ।

You might also like
Leave A Reply

Your email address will not be published.