১২টা আম কিয় কিনিলে ১ লাখ ২০ হেজাৰ টকাত?

১২ টা আম। এই ১২ টা আমৰ দাম কিমান হ’ব পাৰে বাৰু ? সকলোতকৈ দামী প্ৰজাতিৰ সুস্বাদু আম নে কিবা বিশেষ গুণ সম্পন্ন আম যি আম একো একােটা বিক্ৰী হ’ল ১০ হাজাৰ টকাত। এই আমৰ বাবেই বাস্তৱায়িত হ’ল এগৰাকী কিশোৰীৰ সপোন আৰু সাৰ্থক হ’ল সাধনাও। মুম্বাইৰ এগৰাকী ব্যৱসায়ীয়ে ১ লাখ ২০ হাজাৰ টকাত ক্ৰয় কৰিলে নীলেন জামশেদপুৰৰ পঞ্চম শ্ৰেণীত অধ্যয়নৰত তুলসী কুমাৰী নামৰ ছাত্ৰীগৰাকীৰ ১২ টা আম। যাৰ বাবে পূৰ্ণ হ’ল এইগৰাকী ছাত্ৰীৰ অনলাইন ক্লাছ কৰাৰ সপোন।

যেন এক কাল্পনিক গল্পহে। দৰিদ্ৰ পৰিয়ালৰ সন্তান তুলসীক খুব প্ৰয়োজন এটা স্মাৰ্টফোনৰ। কোনো বিলাসবহুল জীৱন যাপনৰ বাবে প্ৰয়োজন হোৱা নাই এই ফোনৰ। স্কুলৰ অনলাইন ক্লাছ কৰিবৰ বাবে তুলসীক প্ৰয়োজন স্মাৰ্টফোন এটাৰ। দৰিদ্ৰ পৰিয়ালটাে অক্ষম তুলসীক এটা স্মাৰ্টফোন কিনি দিবলৈ। স্মাৰ্টফোন ক্ৰয়ৰ বাবে ছোৱালীজনীয়ে বাটে পথে বিক্ৰী কৰে আম। আম বিক্ৰী কৰি থকা সময়ছোৱাতেই আমেয়া হিত নামৰ এজন ব্যৱসায়ীয়ে ছোৱালীজনীৰ হাতত থকা আম বিপুল অৰ্থৰ বিনিময়ত ক্ৰয় কৰে। ব্যৱসায়ীজনৰ বাবে এটা দিনৰ ভিতৰতে স্বপ্ন পূৰ্ণ হয় কিশোৰী গৰাকীৰ। আম বিক্ৰীৰ পইচাৰে স্মাৰ্টফোন ক্ৰয় কৰাৰ লগতে আৰ্থিকভাৱেও কিছু সকাহ লাভ কৰে দৰিদ্ৰ পৰিয়ালটোৱে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে কিয় ব্যৱসায়ীজনে ইমান মূল্য দি আমকেইটা ক্ৰয় কৰিলে? এটা বেচৰকাৰী সন্থাৰ মেনেজিং ডাইৰেক্টৰ আমেয়া হিত নামৰ লোকজনে তুলসীৰ জীৱন সংগ্ৰমাৰ বিষয়ে এটা স্থানীয় সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰে। সংবাদ মাধ্যমৰ যোগে তুলসীয়ে নিজৰ দুৰৱস্থাৰ কথা জনাইছিল। সেই সংবাদ চাইয়ে ব্যৱসায়ীজনে সিদ্ধান্ত গ্ৰহণ কৰে যে তুলসীক তেওঁ সহায় কৰিব। তাৰ পিছতেই লোকজনে তুলসীৰ পৰা অধিক দামত ক্ৰয় কৰে আম কেইটা। এই সহযোগিতা লাভ কৰি অভিভূত হৈ পৰে তুলসী। কিয়নো তুলসীয়ে স্মাৰ্টফোন ক্ৰয় কৰিবৰ বাবে টকা গোটাইছিলহে মাত্ৰ । কিন্তু তুলসীয়ে কল্পনাও কৰা নাছিল ইমান সোনকালে তাইৰ সপোন পূৰণ হ’ব বুলি। আমিয়া হিতে জানিছিল যে , তুলসীয়ে এয়া কোনো অনুদান লাভৰ বাবে কৰা নাই। আনকি তুলসীয়ে কাৰোৰে পৰা সাহাৰ্যও বিচৰা নাই। কিন্তু অমিয়া হিত নামৰ
ব্যৱসায়ীজনে ছোৱালীজনীৰ পঢ়াশুনা যাতে বন্ধ হৈ নাযায় তাৰবাবে অধিক দামত ক্ৰয় কৰে আমখিনি।।

You might also like
Leave A Reply

Your email address will not be published.