১৫ আগষ্টলৈ কি কাৰ্যসূচী লাভলীনাৰ?

অলিম্পিকৰ পদক লৈ আজি স্বদেশলৈ উভতিব অসম গৌৰৱ লাভলীনা বৰগোহাঁই। আজি বিয়লি ৫ বজাত নতুন দিল্লীত উপস্থিত হ’ব লগা লাভলীনাক আদৰিবলৈ দেশৰ ৰাজধানীত উপস্থিত হৈছেগৈ লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই সহ পৰিয়ালৰ লোক।কাইলৈ নতুন দিল্লীত এক সংবাদমেলত অংশগ্ৰহণ কৰিব লগা লাভলীনাই ১১ আগষ্টত সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক।ইয়াৰ পাছতে ১২ আগষ্টৰ পুৱা এদিনৰ বাবে অসমলৈ আহিব লাভলীনা। ১৫ আগষ্টত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ আমন্ত্ৰণ ক্ৰমে স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ভাগ ল’ব অসম কণ্যা গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.