১৯ ছেপ্টেম্বৰত ৰাজ্যজুৰি ছবিগৃহ কৰ্মীৰ ধৰ্ণা

নতুন SOP অনুসৰি সকলো শিথিল কৰাৰ বিপৰীতে বৰ্তমানেও চৰকাৰে বন্ধ ৰাখিছে অসমৰ ছবিগৃহ সমূহ। ছবিগৃহ সমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত অহা ১৯ ছেপ্টেম্বৰ,দেওবাৰে পুৱা ৯ বজাৰ পৰা সমগ্ৰ ৰাজ্যজুৰি ছবিগৃহ কৰ্মচাৰী সকলে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সদৰি কৰিছে।
ধৰ্ণা কাৰ্যসূচীৰ স্থানসমূহ ক্ৰমে-গুৱাহাটীৰ অনুৰাধা ছবিগৃহ,তেজপুৰৰ আনোৱাৰ ছবিগৃহ,যোৰহাটৰ স্মৃতি গোপাল,লখিমপুৰৰ বিশ্ব টকীজ,শিৱসাগৰৰ ভাস্কৰজ্যোতি ছবিগৃহ,তিনিচুকীয়াৰ ৰংঘৰ ছবিগৃহ আৰু বঙাইগাঁৱৰ জলি মেক্স ছবিগৃহ।।

You might also like
Leave A Reply

Your email address will not be published.