২৪ শতাংশলৈ ৰাহি হ’ব পাৰে বিদ্যুতৰ বিল! কিমান ডিগ্ৰীত চলাব AC ? জানো আহক…

২৪ শতাংশলৈ ৰাহি হ’ব পাৰে বিদ্যুতৰ বিল! কিমান ডিগ্ৰীত চলাব AC ? জানো আহক…

এতিয়াৰে পৰা আপুনি ২০ ডিগ্ৰীতকৈ কম কৰিব নোৱাৰিব AC ৰ তাপমাত্ৰা। ১৬, ১৭, ১৮ বা ১৯ আৰু ২০ ডিগ্ৰীত ব্যৱহাৰ কৰিব নোৱাৰিব AC। ভাৰতত ২০ ডিগ্ৰী চেলছিয়াছৰ পৰা ২৮ ডিগ্ৰী চেলছিয়াছলৈ বাধ্যতামূলক কৰা হ’ব ACৰ তাপমাত্ৰাৰ মান।এতিয়াৰে পৰা আপুনি ২০ ডিগ্ৰীতকৈ কম কৰিব নোৱাৰিব ACৰ তাপমাত্ৰা অৰ্থাৎ এচি সমূহ ২০ ডিগ্ৰী চেলছিয়াছৰ তলত ঠাণ্ডা হ’বলৈ বা ২৮ ডিগ্ৰী চেলছিয়াছৰ ওপৰত গৰম হ’বলৈ দিয়া নহ’ব। এই কথা ঘোষণা কৰিলে কেন্দ্ৰীয় মন্ত্ৰী মনোহৰ লাল খট্টৰে।
এই ব্যৱস্থাৰ কাৰ্যকৰীকৰণ অতি শীঘ্ৰেই আৰম্ভ হ’ব। অধিক উষ্ণ গ্ৰীষ্মকালীন মাহত শক্তি সংৰক্ষণৰ প্ৰসাৰ আৰু বিদ্যুতৰ চাহিদা হ্ৰাস কৰাৰ বাবে ভাৰতে ধাৰাবাহিকভাৱে কাম কৰি আহিছে।
বৰ্তমান ভাৰতীয় ঘৰ আৰু কাৰ্যালয়ৰ বহু এচি ২০ ডিগ্ৰী চেলছিয়াছৰ তলত ব্যৱহাৰ হৈ আছে। যাৰ ফলত শক্তিৰ ব্যৱহাৰ অধিক হয় আৰু ৰাষ্ট্ৰীয় শক্তি গ্ৰীডৰ ওপৰত চাপ বৃদ্ধি পায়। এনাৰ্জী এফিচিয়েঞ্চী ব্যুৰোৰ মতে, এয়াৰ কণ্ডিচনাৰৰ উষ্ণতা ছেটিং বৃদ্ধি কৰিলে বিদ্যুতৰ ব্যৱহাৰ যথেষ্ট কমি যায়। ২০ ডিগ্ৰী চেলছিয়াছৰ পৰা ২৪ ডিগ্ৰী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি কৰিলে প্ৰায় ২৪% শক্তি ৰাহি হ’ব পাৰে। প্ৰতি ১ ডিগ্ৰী চেলছিয়াছ বৃদ্ধিয়ে প্ৰায় ৬% বিদ্যুৎ ৰাহিত অৰিহণা যোগায়।

You might also like
Leave A Reply

Your email address will not be published.