৩০ জুলাইত মেট্ৰিকৰ ফলাফল

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

সকলো উৎকন্ঠাৰ অন্ত পেলাই অহা ৩০ জুলাইত ছেবাই ঘোষণা কৰিব মেট্ৰিক, হাইমাদ্ৰাছাৰ ফলাফল। ক’ভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা পৰীক্ষা ফলাফল এইবাৰ ঘোষণা কৰা হ’ব বিকল্প পদ্ধতিৰে। ৰাজ্যৰ শিক্ষা বিভাগে ৩১ জুলাইৰ পূৰ্বে ফলাফল ঘোষণা কৰাৰ বাবে আহ্বান জনাইছিল ছেবাক। সেই আহ্বান মৰ্মে ৩০ জুলাইত ফলাফল ঘোষণা কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ছেবাই। ক’ভিডৰ পৰিপেক্ষিতত পৰীক্ষা বাতিল হোৱাত আভ্যন্তৰীণ মূল্যায়ণ পদ্ধতিক লৈ চিন্তিত হৈ পৰিছে বহু শিক্ষাৰ্থীৰ লগতে অভিভাৱক। কিয়নো এই আভ্যন্তৰীণ মূল্যায়ণৰ নামত জালিয়াতি কৰি জালত পৰিছে শিক্ষক তথা শিক্ষা বিষয়া। ইতিমধ্যে জিলা ভিত্তিত মূল্যায়নৰ 100% নিৰীক্ষণ সম্পূৰ্ণ হৈছে। পৰীক্ষা বাতিল বা মূল্যায়ন ব্যৱস্থা পৃথক হ’লেও পৃথক নহয় ফলাফল ঘোষণা পদ্ধতি। পূৰ্বৰ দৰে এইবাৰো পৰ্টেল যোগে উপলব্ধ হ’ব মেট্ৰিকৰ ফলাফল। ছাত্ৰ-ছাত্ৰীসকলে পূৰ্বৰ দৰে Online যোগে লাভ কৰিব মাৰ্কশ্বীট। ৩০ জুলাইত দিনৰ ১১ বজাৰ লগে লগে ছেবাৰ ৱেবছাইট আৰু ম’বাইল এপ্লিকেশ্বনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰিব ফলাফল।।

You might also like
Leave A Reply

Your email address will not be published.