টহল দি থকাৰ সময়ত হিমস্খলনত নিৰুদ্দেশ হোৱাৰ ৩৮ বছৰৰ পাছত ছিয়াচেনৰ এটা পুৰণি বাংকাৰত ভাৰতীয় সেনাৰ এজন জোৱানৰ মৃতদেহ উদ্ধাৰ। ৰাণীখেটস্থিত সৈনিক গ্ৰুপ চেণ্টাৰে মৃতদেহটো ১৯ কুমাঁও ৰেজিমেণ্টৰ চন্দ্ৰশেখৰ হৰবোলাৰ বুলি চিনাক্ত কৰে।১৯৮৪ চনত পাকিস্তানৰ সৈতে যুঁজিবলৈ ‘অপাৰেচন মেঘদূত’ৰ বাবে বিশ্বৰ সৰ্বোচ্চ যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা ২০ জনীয়া সেনাৰ দলত আছিল হাৰবোলা। টহল দিয়াৰ সময়ত তেওঁলোকে বৰফৰ ধুমুহাৰ কবলত পৰিছিল। ১৫ জন জোৱানৰ মৃতদেহ উদ্ধাৰ কৰাৰ বিপৰীতে বাকী পাঁচজনৰ মৃতদেহ বিচাৰি পোৱা নগৈছিল। নিৰুদ্দিষ্ট পাঁচজনৰ ভিতৰত হাৰবোলাও এজন অন্যতম।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.