৪৫ গৰাকী বিৰোধী সাংসদক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন

উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে নিলম্বন কৰে বিৰোধী সাংসদকেইগৰাকীক

নেচনেল ডেস্ক:

৫ গৰাকী বিৰোধী সাংসদক অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন।সোমবাৰে উপ-ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে নিলম্বন কৰে বিৰোধী সাংসদকেইগৰাকীক। ১৩ ডিচেম্বৰত সংসদৰ নিৰাপত্তা ভংগৰ কাণ্ডক লৈ ৰাজ্যসভাৰ ভিতৰত হুলস্থূলৰ সৃষ্টি কৰাৰ বাবে এই নিলম্বন। এই পৰ্যন্ত দুয়োটা সদনৰ পৰা নিলম্বন কৰা হৈছে মুঠ ৯২ গৰাকী বিৰোধী সাংসদক।

ৰাজ্যসভাৰ নিলম্বিত সাংসদসকলৰ ভিতৰত কংগ্ৰেছৰ ১৮ গৰাকী, তৃণমূল কংগ্ৰেছৰ ৭ গৰাকী, ডি এম কেৰ ৫ গৰাকী, চি পি এমৰ ৩ গৰাকী, আৰ জে ডি, জে ডি ইউ, এছ পি আৰু চি পি আইৰ ২ গৰাকীকৈ আৰু জে এম এম, কে চি এম, এ জি এম আৰু এন চি পিৰ ১ গৰাকীকৈ সদস্য।।

You might also like
Leave A Reply

Your email address will not be published.