ৰহস্যজনক দুৰ্ঘটনাত নিহত সাংবাদিকৰ স্মৃতিচাৰণ

ব্যুৰ’ ৰিপৰ্ট-

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উপ-সভাপতি তথা কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি পৰাগ ভূঞাৰ ৰহস্যজনক দুৰ্ঘটনাত মৃত্যু হোৱাৰ আজি এটা বছৰ সম্পূৰ্ণ হ’ল ৷ অসমৰ তদানীন্তন মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যৰ তদন্ত কৰিবলৈ চি আই ডিক দায়িত্ব অৰ্পণ কৰিছিল যদিও আজি এটা বছৰে উক্ত তদন্তৰ প্ৰতিবেদন ৰাজহুৱা ন’হল ৷ অবৈধ কয়লা, কাঠ, গৰু ইত্যাদি চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে বলিষ্ঠভাৱে বা-বাতৰি পৰিৱেশন কৰা সাংবাদিক গৰাকীৰ মোবাইল ফোনটোও তাৎপৰ্যপূৰ্ণভাৱে তদন্তকাৰী সংস্থাটোৱে পৰীক্ষাৰ প্ৰয়োজনবোধ নকৰাৰ অভিযোগ উঠিছে৷ ইয়াকে লৈ সাংবাদিক গৰাকীৰ পৰিয়ালৰ লগতে কাকপথাৰবাসী সচেতন ৰাইজৰ মনত সাংবাদিক গৰাকীৰ ৰহস্যজনক দুৰ্ঘটনাটো সন্দেহজনক হৈ পৰিছে ৷ উল্লেখযোগ্য যে বিগত বৰ্ষৰ ১১ নৱেম্বৰৰ গধুলি প্ৰায় ৮-১৫ বজাত কাকপথাৰ আৰক্ষী থানাৰ পৰা প্ৰায় ৫০ মিটাৰ নিলগত অৱস্থিত সাংবাদিক গৰাকীৰ ঘৰৰ সন্মুখতে এখন টাটা ডি আই গাড়ীয়ে খুন্দিয়াই থানাৰ সন্মুখেৰে পলায়ন কৰিছিল ৷ গুৰুতৰভাৱে আহত সাংবাদিক গৰাকীক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ভৰ্ত্তি কৰিছিল যদিও ১২ নৱেম্বৰত সাংবাদিকগৰাকীৰ মূত্যু হয় ৷ সাংবাদিকগৰাকীৰ ৰহস্যজনক পথ দুৰ্ঘটনাৰ উচিত তদন্ত বিচাৰি সমগ্ৰ অসম জুৰি প্ৰতিবাদৰ জোৱাৰ উঠাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পৰ্যায়তো বিষয়টোৱে গুৰুত্ব লাভ কৰাৰ উপৰিও ৰাষ্ট্ৰসংঘৰ এগৰাকী প্ৰতিনিধিয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল ৷ ইমানৰ পিচতো অসম চৰকাৰৰ অপৰাধী অনুসন্ধান সংস্থাটোৱে তদন্তৰ প্ৰতিবেদন ৰাজহুৱা নকৰাত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে । প্ৰয়াত সাংবাদিক পৰাগ ভূঞাৰ মৃত্যুৰ প্ৰথম বাৰ্ষিকী হিচাপে আজি কাকপথাৰ হিন্দী স্কুলৰ শ্বহীদ বেদী প্ৰাঙ্গণত কাকপথাৰ প্ৰেছ ক্লাৱৰ উদ্যোগত অঞ্চলটোৰ সমূহ সাংবাদিকৰ উপস্থিতিত এক শ্ৰদ্ধাঞ্জলী তথা প্ৰতিবাদী কাৰ্যসূচী অনুস্থিত হয় । উক্ত কাৰ্যসূচীত কাকপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি বিজয় দত্তই এগছী বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলী অনুস্থানটিৰ শুভাৰম্ভ কৰে। বন্তি প্ৰজ্বলনত সহযোগ কৰে আপকু তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক দীপেন লহকৰ, আছুৰ নেতা কনচেং গগৈ, সাংবাদিক কুলজিৎ মৰাণ, ৰাজকুমাৰ শৰ্মা আদিয়ে । ইয়াৰ পাছত আপকু তিনিচুকীয়া জিলা সমিতিৰ সভাপতি মনোৰঞ্জন নেওগ, আছু তিনিচুকীয়া জিলাৰ সহকাৰী সম্পাদক বিতু ডেকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ সম্পাদক বিকাশ তালুকদাৰ, মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দ্বীপেন মৰাণে পৰাগ ভূঞাক সুঁৱৰি প্ৰতিবাদি বক্তব্য ৰাখে । অনুস্থানটি পৰিচালনা কৰে কাকপথাৰ প্ৰেছ ক্লাৱৰ মিন্টু তালুকদাৰে ।

You might also like
Leave A Reply

Your email address will not be published.