ৰহাৰ বোৱাৰীয়ে ৰক্ষা কৰিব নোৱাৰিলে শহুৰৰ প্ৰাণ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

বোৱাৰীৰ অশেষ প্ৰচেষ্টায়ো জীৱন ৰক্ষা কৰিব নোৱাৰিলে থোলেশ্বৰ দাসৰ।ৰহাৰ আদৰ্শনীয় বোৱাৰী নীহাৰিকা দাসে ক’ভিড আক্ৰান্ত শহুৰেকক বোকোচাত তুলি চিকিৎসালয়লৈ অনাৰ দৃশ্যই দৃষ্টি হৰিছিল সকলোৰে।পাছত GMCH অত চিকিৎসাধীন হৈ থকা শহুৰেক থোলেশ্বৰ দাসৰ স্বাস্থ্য কালি দিনৰ ভাগলৈকে ভাললৈ আহিছিল যদিও বিয়লি অৱনতি ঘটাত ভেন্টিলেছনত ৰখা হয়।কিন্তু নিশালৈ মৃত্যুৰ সৈতে অবশেষত হাৰ মানিলে থোলেশ্বৰ দাসে।ইফালে ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা থোলেশ্বৰ দাসৰ বোৱাৰী নীহাৰিকাৰ স্বাস্থ্য কিছু উন্নত অবস্থালৈ অহা বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.