ৰাজ্যত হ্ৰাস পালে সোণৰ দাম!

কিমান কমিলে জানো আহক.....

 ৰাজ্যত হ্ৰাস পালে সোণৰ দাম! কিমান কমিলে জানো আহক…..

সপ্তাহটোৰ আৰম্ভণিতে ভাল খবৰ … দাম কমিল সোণৰ। আজি গুৱাহাটীত প্ৰতি ১০ গ্ৰাম সোণৰ দাম কিমান? বিশেষজ্ঞসকলৰ মতে, সোণৰ দামে সৰ্বোচ্চ সীমাত উপনীত হৈছে। স্বাভাৱিকতে সোণৰ দামক লৈ সাধাৰণ মানুহ চিন্তিত। বহুতেই ধাৰণা কৰিছে যে আগন্তুক দিনত বহু পৰিমাণে কমিব পাৰে সোণৰ দাম। একাংশৰ মতে আকৌ ঊৰ্ধ্বমুখী হ’ব সোণালী ধাতুৰ দাম। ফলত সোণৰ দামৰ উত্থান-পতনৰ দিশে দৃষ্টি নিবদ্ধ ৰাখিছে সকলোৱে। বিনিয়োগৰ পূৰ্বে অৱশ্যে নজৰ ৰাখিব লাগিব বজাৰৰ ওপৰত।বৰ্তমান সোণৰ দাম যি পৰ্যায় পাইছেগৈ, সাধাৰণ মানুহৰ বাবে সোণ কিনাটো একপ্ৰকাৰ অসম্ভৱ হৈ পৰিছে। প্ৰাচীন কালৰে পৰা সোণক সুৰক্ষিত বিনিয়োগৰ মাধ্যম হিচাপে গণ্য কৰা হয়। ফলত দাম আকাশলংঘী হ’লেও সোণৰ দামৰ উঠা-নমাৰ ওপৰত সকলোৰে নজৰ থাকে। কেৱল সোণৰ দামেই নহয়, ৰূপৰ দামো সম্প্ৰতি ১ লাখ টকা পাৰ হৈ গৈছে।চলিত বছৰত সোণৰ দাম ১ লাখ টকা হ’ব পাৰে বুলি জনাইছিল বজাৰ বিশেষজ্ঞসকলে। আন্তৰ্জাতিক বজাৰত চলি থকা অনিশ্চয়তাৰ মাজত সোণৰ দাম আৰু বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছিল। সম্প্ৰতি যিদৰে দাম বৃদ্ধি হৈছে তাৰ ফলত চাহিদাত কিছু হ’লেও প্ৰভাৱ পৰিছে।সোণ কিনিবলৈ যোৱাৰ পূৰ্বে আপুনি সোণৰ দাম জানি লোৱাটো খুবেই প্ৰয়োজন। কাৰণ প্ৰতিদিনে সলনি হয় সোণৰ দাম।আজি গুৱাহাটীত প্ৰতি গ্ৰাম ২২ কেৰেটৰ সোণৰ দাম ৯,৪১০ টকা। দেওবাৰে প্ৰতি গ্ৰাম সোণৰ দাম আছিল ৯৪১৫ টকা। আজি গুৱাহাটীত প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৯৮৮১ টকা। দেওবাৰে এই দাম আছিল ৯৮৮৬ টকা। ইফালে, আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম ১,২০,০০০ টকা।

You might also like
Leave A Reply

Your email address will not be published.