ৰাজ্যত ৰেমালৰ প্ৰভাৱ

ঠায়ে ঠায়ে প্ৰবল বৰষুণ,ধুমুহা-বতাহ আৰু বজ্ৰপাত

বংগোপসাগৰত সৃষ্টি হোৱা ৰেমালৰ প্ৰভাৱ অসমতো পৰিছে। সোমবাৰে সন্ধিয়াৰ পৰা ঠায়ে ঠায়ে প্ৰবল বতাহ-বৰষুণ অব্যাহত আছে। বতাহৰ বাবে নিশাৰ পৰাই ৰাজ্যখনৰ প্ৰায়বোৰ জিলাতে বিদ্যুৎ যোগান ব্যাহত হৈ আছে।ইয়াৰোপৰি প্ৰতিকূল বতৰৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিদ্যালয়সমুহ বন্ধ ঘোষনা কৰিছে। মহানগৰীতো বিস্তৰ ক্ষতি সাধন  হৈছে । বিভিন্ন ঠাইত গছ ভাঙি যাতায়াত ব্যৱস্থা ব্যাহত হৈছে। নিশাৰ পৰা  বিদ্যুত যোগান ব্যাহত আছে। ইফালে বতৰ বিজ্ঞানৰ আগজাননী অনুসৰি কেইবাখনো জিলাত ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট ঘোষণা কৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি ব্ৰহ্মপুত্ৰ নৈৰ লগতে আন আন নৈ খাল বিল সমূহত নাও চলাচল আৰু মাছ ধৰা ৭২ ঘণ্টাৰ বাবে নিষেধ কৰা হৈছে । ইয়াৰ উপৰিও সম্ভাব্য বিপৰ্যয়ৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য কৰি বিপদগ্রস্ত লোকক তাৎক্ষণিক সহায়ৰ বাবে ০৩৬২৪১০০ অথবা ৯৩৮৭৮-৯৩৩৯৪ নম্বৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।উল্লেখযোগ্য যে ,বাংলাদেশত ঘূৰ্ণীবতাহ ৰেমালে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেওবাৰৰ পৰা বাংলাদেশৰ
উপকূলীয় অঞ্চলসমুহত ঘূৰ্ণীবতাহ ৰেমালে অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে। এতিয়ালৈ প্ৰায় ১০ গৰাকী লোক নিহত হোৱাৰ খবৰ পোৱা গৈছে ।ইফালে পশ্চিমবংগতো অব্যাহত আছে প্ৰচণ্ড ধুমুহা আৰি বৃষ্টিপাত। এই পৰ্যন্ত ৰাজ্যখনত ৪জন লোকৰ মৃত্যু হোৱাৰ খবৰে সকলোকে মৰ্মাহত কৰিছে ।ঘূৰ্ণীবতাহ ৰেমালৰ প্ৰভাৱত হোৱা বতাহ-বৰষুণে ৰাজ্যৰ বিভিন্ন স্থানত   ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে  , গুৱাহাটী মহানগৰীত ব্যাহত হৈছে স্বাভাৱিক জনজীৱন। সোমবাৰৰ নিশাৰে পৰা নাই মহানগৰীৰ প্ৰায়বোৰ স্থানত বিদ্যুৎ যোগান ব্যাহত হৈছে তথা ম’বাইলৰ নেটৱৰ্ক সেৱাৰ লগতে ইন্টাৰনেট সেৱা কৰ্তন হৈছে।
বিভিন্ন ঠাইত খহি পৰিছে সৰু ডাঙৰ কেইবাখনো হ’ৰডিং। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত বহু সংখ্যক বিদ্যালয়ৰ পাঠদান বন্ধ ৰখা হৈছে । গুৱাহাটী মহানগৰীত বিভিন্ন স্থানত গছ উভালি পৰা খবৰো আহিছে। চন্দ্ৰপুৰ পথৰ বোন্দাৰ বজাৰৰ সমীপত ৰাজপথত  গছ  বাগৰৰ ফলত  সেই ঠাইৰ  যাতায়াত ব্যৱস্থ
অচল হয় পৰিছে ।গুৱাহাটীৰ কটন বিশ্ববিদ্যালয় আৰু জ্যোতি চিত্ৰবনত গছ  উভালি পৰিছে ।
মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে ৰাজ্যৰ কেইবাখনো জিলাৰ বাসিন্দালৈ সতৰ্কবাণী    জনাইছে  । মাছ ধৰা আৰু অন্যান্য কৃষিকাৰ্যৰ বাবে বাহিৰলৈ যোৱাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱা হৈছে ।২৮ মে’ত ধুবুৰী, গোৱালপাৰা, বৰপেটাস কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাচাও, বজালী,
বাক্সা, বিশ্বনাথ, বঙাইগাওঁ, চিৰাং, দৰং, গোলাঘাট, হোজাই, কামৰূপ, কামৰূপ মহানগৰ, মৰিগাওঁ, কাৰ্বি আংলং  আদি  জিলা সমূহত ৰেড এলাৰ্ট জাৰি কৰিছে । ২৯ মে’ত কাছাৰ. ডিমা হাচাও. বৰপেটা, নলবাৰী, বাক্সা আৰু চিৰাং জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  সামাজিক মাধ্যমত  নাগৰিকসকললৈ অনুৰোধ জনাইছে — “জৰুৰীকালীন অৱস্থাৰ বাদে বাহিৰলৈ ওলোৱাটো পৰিহাৰ কৰক আৰু নিৰাপদে থাকক৷
আমি নিৰন্তৰে পৰিস্থিতিৰ নিৰীক্ষণ কৰি আছোঁ।”

You might also like
Leave A Reply

Your email address will not be published.