ৰাজ্যৰ ২ শিক্ষকলৈ ৰাষ্ট্ৰীয় শিক্ষক বঁটা

সমাগত শিক্ষক দিৱসৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে এক সুখবৰ। শৈক্ষিক ক্ষেত্ৰত উৎকৃষ্ট সেৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ে ২০২১ বৰ্ষৰ ‘ৰাষ্ট্ৰীয় শিক্ষক বঁটা’ৰে সন্মানিত কৰিব লগা দেশৰ মুঠ ৪৪ গৰাকী শিক্ষাগুৰুৰ মাজত স্থান লাভ কৰিছে অসমৰ দুগৰাকী শিক্ষকে।যোৰহাটৰ বামুণপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কংকণ কিশোৰ দত্ত আৰু বাক্সা জিলাৰ কে বি দেউলকুচি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বিনন্দ স্বৰ্গীয়াৰীক নিৰ্বাচিত কৰা হৈছে ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে।অহা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰপতি ৰামনাম কোবিন্দে এই বঁটা প্ৰদান কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.