ৰাণী বনাঞ্চলত উদ্ধাৰ জয়ন্ত-কুশল

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

অবশেষত ৩ দিনৰ মুৰত উদ্ধাৰ হ’ল মহানগৰীৰ অপহৃত দুই যুৱ-ব্যবসায়ী জয়ন্ত কছাৰী আৰু কুশল কলিতা।মহানগৰীৰ সমীপৱৰ্তী ৰাণী বনাঞ্চলৰ পৰা শণিবাৰে বিয়লি আৰক্ষীৰ অভিযানকাৰীৰ দলে দুয়োজন অপহৃতক উদ্ধাৰ কৰাৰ লগতে ভদ্ৰেশ্বৰ তিমুং নামৰ এটা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰে।যোৱা ৩০ জুনৰ বিয়লি গড়ভঙা বনাঞ্চলৰ পৰা অপহৃত ব্যৱসায়ী দুজনৰ সন্ধান কালত আৰক্ষীয়ে মহিলাসহ ৩ লোকক আটক কৰিছিল। শণিবাৰৰ অভিযানৰ সময়ত আৰক্ষীৰ গুলীত আহত এটা অপহৰণকাৰী বনাঞ্চলৰ মাজেৰে পলাই যাবলৈ সক্ষম হয়। ব্যৱসায়ী দুজনৰ অপহৰণৰ আঁৰত ধন দাবীৰ লক্ষ্যই নিহিত আছিল বুলি ঠাৱৰ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.