ৰূপ নহয়,স্বৰ্ণ আহিব পাৰে মীৰাবাঈৰ হাতলৈ!

স্পৰ্টছ ডেস্ক-

অলিম্পিকত ৰূপৰ পদক জিনি দেশত উপস্থিত হ’লহি মনিপুৰৰ লৌহকণ্যা মীৰাবাঈ ছানু।বিমান বন্দৰত উমাল আদৰণি মীৰাবাঈক। ক’ভিড প্ৰট’কল অনুসৰি RT-PCR পৰীক্ষা সম্পন্ন কৰা হ’ল উত্তৰ-পূৱৰ গৌৰৱ দেশৰ হৈ টকিঅ’ অলিম্পিকত প্ৰথমটো পদক অৰ্জনকাৰী ভাৰোত্তোলক গৰাকীৰ। দেশত অবতৰণৰ সময়তে মীৰাবাঈ ছানুৰ বাবে আহিল আন এক সম্ভাব্য ভাল খবৰ। অলিম্পিকত তেওঁক অতিক্ৰম কৰি স্বৰ্ণ অৰ্জন কৰা চীনৰ প্ৰতিদ্বন্দি ভাৰোত্তোলক হাউ জিনহুই ড’পিং টেষ্টত অযোগ্য বিবেচিত হ’লে অলিম্পিকৰ স্বৰ্ণ পদক আহিব পাৰে মীৰাবাঈৰ হাতলৈ ।।

You might also like
Leave A Reply

Your email address will not be published.