ৰে’ল যাত্ৰীসকলৰ বাবে সু-খবৰ!

নেচনেল ডেস্ক:

ৰে’ল যাত্ৰীসকলৰ বাবে সু-খবৰ! নতুন দিল্লী-বাৰাণসী বন্দে ভাৰত এক্সপ্ৰেছ অহা ২০ মাৰ্চৰ পৰা পাঁচ দিনৰ পৰিৱৰ্তে সপ্তাহত ছয় দিনকৈ চলিব। যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ৰে’লখনৰ ফ্ৰিকুৱেন্সি বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱাৰ কথা সদৰি কৰে নৰ্দাৰ্ণ ৰে’লৱেই। জানিব পৰা মতে ২২৪৩৬/২২৪৩৫ নম্বৰৰ ৰে’ল বাৰাণসী বন্দে ভাৰতৰ উন্নীতকৃত সুবিধাৰে সোমবাৰেও চলিব। বৃহস্পতিবাৰৰ বাহিৰে ই সপ্তাহত ছয় দিন ক্ৰমে প্ৰতি দেওবাৰ, সোমবাৰ, মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে চলিব। ইয়াৰ দ্বাৰা দুয়োখন ৰাজ্যৰ স্থানীয় অৰ্থনীতি আৰু পৰ্যটন খণ্ডত উত্থান ঘটিব বুলি আশা প্ৰকাশ কৰিছে নৰ্দাৰ্ণ ৰে’লৱেই।

 

 

বন্দে ভাৰত এক্সপ্ৰেছ হৈছে নতুন যুগৰ ৰে’ল, যি গতি আৰু সুবিধাৰ বাবে কম সময়ৰ ভিতৰতে অতি জনপ্ৰিয় হৈ পৰিছে যাত্ৰীসকলৰ মাজত।

বাৰাণসী বন্দে ভাৰতৰ নতুন ৰেকত অন-ব’ৰ্ড ৱাই-ফাই ইনফ’টেইনমেণ্ট, জিপিএছ ভিত্তিক যাত্ৰীৰ তথ্য ব্যৱস্থা, প্লাছ ইণ্টেৰিয়ৰ, টাচলেছ ফিচাৰৰ সৈতে বায়’-ভেকুয়াম টয়লেট, এল ই ডি লাইটিং, প্ৰতিখন আসনৰ তলত চাৰ্জিং পইণ্ট, প্ৰতিখন আসনৰ বাবে টাচ্ছ বেছড ৰিডিং থাকিব। ইয়াৰোপৰি যাত্ৰীসকলৰ সুবিধাৰ্থে পোহৰ আৰু গোপন ৰোলাৰ ব্লাইণ্ড, হিট ভেন্টিলেচন আৰু বীজাণুমুক্ত বায়ু যোগান ধৰিবলৈ ইউভি লেম্পৰ সৈতে উন্নত এয়াৰ কণ্ডিচনাৰ ব্যৱস্থা উপলদ্ধ থাকিব বুলি নৰ্দাৰ্ণ ৰে’লৱে কতৃপক্ষই জানিবলৈ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.