অশান্ত মণিপুৰত উদ্ধাৰ বিশাল পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ।

নিউজ ডেস্ক:

শান্ত মণিপুৰত উদ্ধাৰ বিশাল পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ। সেনাপতি জিলাৰ কাংচুপ চিংখং জংচনত উদ্ধাৰ হয় এই বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি। ভাৰতীয় সেনাই মঙলবাৰে নিশা প্ৰায় ৯:৩৫ বজাত এক গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰে বিশাল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰখিনি। ভাৰতীয় সেনাৰ স্পিয়াৰ কৰ্পছে চেক পোষ্টত এখন এল্ট’ বাহন ৰখাই তালাচী চলাওতে উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰখিনি । তালাচীত উদ্ধাৰ কৰে ৫ টা শ্বটগান, ৫ টা হস্তনিৰ্মিত গ্ৰেনেডৰ লগতে ৩ কাৰ্টন গোলা-বাৰুদ । ঘটনা সন্দৰ্ভত তিনি লোকক আটক কৰি সেনাই জেৰা অব্যাহত ৰাখিছে।

You might also like
Leave A Reply

Your email address will not be published.