অম্বুবাচীৰ সময়ত ভুলতো নাখাব এই ৫বিধ খাদ্য ! জীৱনলৈ নামি আহিব চৰম বিপদ ! কি কি খাদ্য় খাব নালাগে …জানো আহক
আহাৰ মাহৰ অন্যতম উৎসৱ অম্বুবাচী উৰ্বৰতাৰ প্ৰতীক। অম্বুবাচীৰ এই সময়ছোৱাত খাদ্যভাষৰ ক্ষেত্ৰত কিছু বিশেষ নিয়ম আছে। খাব নালাগে কিছু খাদ্য় ..এই সময়ছোৱাত কিছুমানে ব্ৰত পালন কৰে আৰু আৰু ব্ৰত পালন নকৰা লোকসকলেও খাদ্যভাষৰ ক্ষেত্ৰত কিছুমান নীতি-নিয়ম পালন কৰে। এই সময়ত শাক-পাচলি গ্ৰহণ কৰিব নালাগে। অম্বুবাচীৰ সময়ত ধৰিত্ৰীক আঘাত কৰা নহয়,গতিকে মাটিৰ পৰা টানিব লগা শাক-পাচলি খাব নালাগে। এই সময়ছোৱাত কৃষি কামো বন্ধ হৈ থাকে।অম্বুবাচীৰ সময়ত দৈ নাখাব। এই সময়ত দৈ খালে আপোনাৰ জীৱনত শুক্ৰৰ বেয়া প্ৰভাৱ পৰিব বুলি বিশ্বাস কৰা হয়। সুখ, সৌভাগ্য, বিলাসিতা আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ যাব। অম্বুবাচীৰ ব্ৰত পালনৰ সময়ত পাণ খাব নালাগে। পাণ খালে জীৱনলৈ দুৰ্ভাগ্য নামি অহাৰ সম্ভাৱনা আছে।অম্বুবাচীৰ সময়ত কোনো ধৰণৰ তিতা খাদ্য নাখাব। অম্বুবাচীৰ সময়ত তিতা খাদ্য খোৱাটোৱে জীৱনত তিতা বৃদ্ধি হয় বুলি বিশ্বাস কৰা হয়। অম্বুবাচীৰ সময়ত মাদক দ্ৰব্য সেৱন কৰিব নালাগে। বিশ্বাস কৰা হয় যে এই নিয়ম মানি চলিলে জীৱনত কোনো দুখ বা যন্ত্ৰণা অনুভৱ নকৰে। এই নিয়ম পালন নকৰিলে জীৱনলৈ দুখ-যন্ত্ৰণা ভৰি পৰে।