গুৱাহাটী, ২ জুন ২০২৬: দশক দশক যোৰা বান সমস্যাৰ সমাধানৰ বাবে বিগত সময়চোৱাত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে অসমবাসীক বিশেষ সুফল প্ৰদান কৰিব পৰা নাই।যাৰ পৰিপ্ৰেক্ষিতত বছৰি বানত ডুব গৈছে অসম। ক্ষতিগ্ৰস্ত হৈছে সাধাৰণ জনতা। এই জটিল সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ৰাজ্য চৰকাৰে এইবাৰ এক ব্যাপক আঁচনি গ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা মতে ১৮ হাজাৰ কোটি টকাতকৈও অধিক পুঁজিৰে বান নিয়ন্ত্ৰণৰ বাবে কাম চলি আছে। ইয়াৰ ভিতৰত জিঅ’ বেগ স্থাপন, শক্তিশালী মথাউৰি নিৰ্মাণ, মেগা জিঅ’ টিউবৰ জৰিয়তে ঠায়ে ঠায়ে মথাউৰি নিৰ্মাণ, শ্লুইচ গেট নিৰ্মাণ, গড়াখহনীয়া ৰোধৰ বাবে নতুন কৌশল গ্ৰহণ কৰা আদিৰ দৰে কাম কৰিছে। এই মেগা প্ৰকল্পৰ কাম ইতিমধ্যে ৰাজ্যৰ বানপ্ৰৱণ জিলাসমূহত পূৰ্ণ গতিত চলি আছে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰেও অসমৰ বান নিয়ন্ত্ৰণৰ বাবে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ পিছতেই কেন্দ্ৰীয় চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰক সহায় সহযোগিতা আগবঢ়াই আছে।