ইণ্টাৰনেচনেল ডেস্ক:
লাটভিয়াৰ উপকূলৰ ওচৰৰ বাল্টিক সাগৰত এটা পৰিয়াল কঢ়িয়াই অনা এখন ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত ।বিমানখনত পাইলট, এজন পুৰুষ, এগৰাকী মহিলা আৰু তেওঁলোকৰ কন্যাসহ চাৰিজন লোক আছিল বুলি জানিব পৰা গৈছে। অষ্ট্ৰিয়াৰ পঞ্জীয়নভুক্ত চেছনা ৫৫১ ব্যক্তিগত জেট বিমানখনে গন্তব্যস্থান নোহোৱাকৈ দক্ষিণ স্পেইনৰ পৰা উৰা মাৰিছিল। বাল্টিক সাগৰৰ ওপৰেৰে পোনে পোনে যোৱাৰ আগতে বিমানখনে পেৰিছ আৰু কল’নত দুবাৰকৈ ঘূৰি ছুইডেনৰ গটলেণ্ড দ্বীপৰ ওচৰৰে পাৰ হৈছিল ।আনহাতে, উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে যদিও যাত্ৰীসকলক জীৱিত অৱস্থাত বিচাৰি পোৱাৰ সম্ভাৱনা নাই বুলি আশংকা কৰা হৈছে।।