শিশু পৰ্ণগ্ৰাফীৰ ওপৰত চিবিআইৰ বৃহৎ অভিযান। শনিবাৰে কেন্দ্ৰীয় তদন্তকাৰী সংন্থা (চিবিআই)য়ে ১৯ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৬টা স্থানত শিশু পৰ্ণগ্ৰাফীৰ বিৰুদ্ধে অভিযান চলোৱা বুলি জানিব পৰা গৈছে। শিশু যৌন নিৰ্যাতনৰ সামগ্ৰী প্ৰচাৰত জড়িত চক্ৰৰ সদস্য আৰু লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তদন্তকাৰী সংস্থাটোৱে আৰম্ভ কৰিছে ‘অপাৰেচন মেঘচক্ৰ’। ছিংগাপুৰৰ জৰিয়তে নিউজিলেণ্ডৰ ইণ্টাৰপোলৰ পৰা লাভ কৰা এক নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি চিবিআইয়ে এই অভিযান চলোৱা বুলি জানিব পৰা গৈছে।।

You might also like
Leave A Reply

Your email address will not be published.