ইৰাণ-আফগানিস্তান সীমান্তত ভয়ংকৰ ঘটনা!

অবৈধভাৱে ইৰাণৰ ভূমিত প্ৰৱেশ কৰিবলৈ গৈ সীমান্তৰক্ষী বাহিনীৰ গুলীত নিহত ১১ আফগান নাগৰিক

ইণ্টাৰনেচনেল ডেস্ক:

ৰাণ-আফগানিস্তান সীমান্তত ভয়ংকৰ ঘটনা। শুকুৰবাৰে অবৈধভাৱে ইৰাণৰ ভূমিত প্ৰৱেশ কৰিবলৈ গৈ ইৰাণৰ সীমান্তৰক্ষী বাহিনীৰ গুলীত নিহত ১১ গৰাকীকৈ আফগান নাগৰিক। ঘটনাটো সংঘটিত হয় ইৰাণৰ নিমৰোজ সীমান্ত ক্ৰছিঙত। ইতিমধ্যে তালিবানৰ বিষয়াসকলৰ হাতত এঘাৰজন আফগান নাগৰিকৰ মৃতদেহ গতাই দিয়া হৈছে। ইৰাণৰ বিষয়া আৰু তালিবান কৰ্তৃপক্ষই ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো মন্তব্য কৰা নাই।

উল্লেখ্য যে, চাৰিদিন পূৰ্বে ছিস্তান আৰু বেলুচিস্তান প্ৰদেশতো ইৰাণৰ নিৰাপত্তা বাহিনীয়ে অবৈধভাৱে ইৰাণত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা এঘাৰজন আফগান নাগৰিকক গুলীয়াই হত্যা কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.