বিহাৰৰ সীতামৰ্হিৰ মাগোলৱাত ভয়ংকৰ পথ দুৰ্ঘটনা।

নেচনেল ডেস্ক:

বিহাৰৰ সীতামৰ্হিৰ মাগোলৱাত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে তিনিচকীয়া বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাত শিশুসহ ৭ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় আন চাৰি গৰাকীকৈ লোক। জনিব পৰা মতে, বিবাহ অনুষ্ঠানত অংশ লৈ ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে নিহতসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনা সংঘটিত হোৱাৰ পিছতেই ট্ৰাক চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.