ASSAM | 9th National Film Festival-25: নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৫

9th National Film Festival-25

নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৫

 

গুৱাহাটী: চিনেমাৰ জৰিয়তে ৰাষ্ট্ৰীয়তাবাদক উৎসাহিত কৰা তথা লগতে ভাৰতৰ কেবাসহস্ৰ বৰ্ষ পুৰণি ঐতিহ্যময় সভ্যতা, সংস্কৃতিক শ্ৰদ্ধা জ্ঞাপনৰ মহান উদ্দেশ্যৰে ২৯ আৰু ৩০ নবেম্বৰত দুদিনীয়াকৈ আয়োজিত নৱম চলচ্চিত্ৰম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-২০২৫। আজি সফল সামৰণি পৰে অনুষ্ঠানটিৰ। গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবন প্ৰাংগনত আয়োজিত এই চলচ্চিত্ৰ মহোৎসৱত দুয়ো দিনতে ৩২ খন তথ্যচিত্ৰ আৰু চুটি ছবিৰ প্ৰদৰ্শিত হয়।

মহোৎসৱৰ দুয়োটা দিনতে চিনেমানুৰাগীৰ উপস্থিতি তথা আগ্ৰহ আছিল উল্লেখনীয়। প্ৰতিযোগিতামুলক আৰু অনা-প্ৰতিযোগিতামুলক দুটা শাখাত ছবিসমূহ প্ৰদৰ্শিত হয়। বিশ্ব সংবাদ কেন্দ্ৰ, অসমৰ সহযোগী অনুষ্ঠান “চলচ্চিত্ৰম”ৰ উদ্যোগত আয়োজিত এই মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে । বঁটা বিতৰণী সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অধ্যক্ষ গৰাকীয়ে কয় যে, আমাৰ দৰে ৰাজনীতি কৰা লোকসকলে বিভিন্ন স্হানত বক্তৃতা প্ৰদান কৰি আহিছে যদিও প্ৰকৃত ক্ষেত্ৰত আপোনালোকৰ কাম কৰাৰ অভিজ্ঞতা আছে ৷ চুটি ছবি নিৰ্মাণ কৰি কম সময়ৰ ভিতৰত ঘটনা বা কাহিনী উপস্হাপন কৰাটো বহু দুৰুহ কাম ৷ চুটি ছবি নিৰ্মাণ কৰিবলৈ গভীৰভাৱে বিষয়বস্তুৰ ওপৰত জ্ঞান থাকিব লাগিব ৷ আমি আমাৰ সংস্কৃতিৰ ওপৰত আধাৰিত ছবি নিৰ্মাণ কৰিলেহে নৱ প্ৰজন্মই আমাৰ গৌৰৱময় ইতিহাস পৰম্পৰাৰ বিষয়ে জানিব পাৰিব ৷ অসমৰ বীৰ বীৰংগনা সকলক আমি সৰ্বভাৰতীয় স্তৰত সঠিকভাৱে উপস্হাপন কৰাত ব্যৰ্থ হৈছো ৷ এই ধৰণৰ চিনেমা নিৰ্মাণ হোৱাটো জৰুৰী বুলি তেখেতে মন্তব্য কৰি এনেকুৱা প্ৰতিযোগিতাই ভৱিষ্যতে নৱ প্ৰজন্মক নতুন নতুন চিনেমা নিৰ্মাণ কৰাত অনুপ্ৰাণিত হ’ব বুলি প্ৰকাশ কৰে৷ অধ্যক্ষ গৰাকীয়ে মহাভাৰতৰ মহিয়সী নাৰী চৰিত্ৰৰ সন্দৰ্ভত নানান উপমাৰে বক্তব্য প্ৰকাশ কৰে ৷

অসমৰ ছবি সমূহত জাতি -জনজাতিৰ মিশ্ৰিত সংস্কৃতিৰ পয়োভৰ হ’ব লাগে বুলি সদৰি কৰি তেখেতে পুনৰ কয় যে, ছবি সমূহত ভাৰতবৰ্ষৰ সকলোবোৰ সংস্কৃতি অনুৰ্ভুক্ত কৰিবলৈ ছবি নিৰ্মাতা সকলক আহ্বান জনায় ৷ চলচ্চিত্ৰম্ ৰ নৱম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উত্তৰ পূৰ্বাঞ্চল ছবি শিতানত শ্ৰেষ্ঠ চুটি ছবিৰ বঁটা লাভ কৰে জ্যোতিময় মজুমদাৰৰ দ্বাৰা পৰিচালিত “কোলী” য়ে । সৰ্বভাৰতীয় শিতানৰ শ্ৰেষ্ঠ ছবি হিচাপে বিবেচিত হয় ইন্দ্ৰা বাইকেৰীকাৰ পৰিচালিত “জবা” নামৰ ছবিখনে। উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে “হু উইল কল আউট ফাদাৰ ফাদাৰ ”ৰ পৰিচালক বিস্মিতা বৰাই । আনহাতে, উত্তৰ পূৰ্বাঞ্চল শিতানত শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰ বঁটা লাভ কৰে এক্সপেটেচন ”ৰ বাবে এলভিছা চাংমা, প্ৰানজ্যোতি কবিচন্দ্ৰন আৰু আজিজুল ইছলামে । “ মূগাৰ”ৰ বাবে সমুজ্জল কাশ্যপে লাভ কৰে শ্ৰেষ্ঠ সম্পাদকৰ বঁটা। “ ড্যা চাইলেন্ট পাৰফৰমাৰ চিত্ৰ নাট্যকাৰ ড: এইচ ৰাকেশ কে লাভ কৰে শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰৰ বঁটা।

আনহাতে, বিশ্বজিত দাস পৰিচালিত ড্যা ষ্টাইভিং মাষ্টাৰ শ্ৰেষ্ঠ তথ্য চিত্ৰখনে শ্ৰেষ্ঠ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ জুৰীৰ “স্পেচিয়েল মেনশ্যন” বঁটা লাভ কৰে শ্ৰেয়াশ এইচ গৌতম পৰিচালিত “ জাষ্ট ব্ৰেভ্ ”-এ। সামৰণি অনুষ্ঠানত জুৰিসকল বিজয় কৃষ্ণন, মাইপাক চেনা আৰু দেৱজিত গায়নে অংশগ্ৰহণ কৰি প্ৰতিযোগিতা সন্দৰ্ভত চমু বক্তব্য আগবঢ়ায়। চলচ্চিত্ৰম্ ৰ সভাপতি নৱ ঠাকুৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যা সাগৰে বিভিন্ন শিতানৰ বঁটা বিজয়ীসকলক বঁটা প্ৰদান কৰে । ” আমাৰ ঐতিহ্য, আমাৰ গৌৰৱ” মূল বিষয়বস্তুৰ লগতে ভূমি আৰু মানুহ, পৰ্যটন, কলা, হস্তশিল্প আৰু বস্ত্ৰ,  পাণ্ডুলিপি আৰু পাণ্ডুলিপি চিত্ৰাংকন, চিত্ৰাংকন আৰু কাঠত খোদিত কৰা কলা, সংগীত আৰু সংগীতজ্ঞ, সাংস্কৃতিক উৎসৱ, স্মৃতিসৌধ আৰু ঐতিহ্য ক্ষেত্ৰ, সমাজ সংস্কাৰক আৰু আগৰণুৱাসকল, ক্ৰীড়া, চাহ আৰু তৈল উদ্যোগ, সংস্কৃতি আৰু মূল্যবোধ, সামাজিক সজাগতা, পৰিয়াল ব্যৱস্থা, মহিলা, পৰিবেশ আদি বিষয়ক প্ৰাধান্য দি নিৰ্মিত কেবাখনো চুটি ছবি তথা তথ্যচিত্ৰ‌ই  দৰ্শকৰ মনত ৰেখাপাত কৰা পৰিলক্ষিত হয়। আনহাতে, আজি দুপৰীয়া অভিনয়, কৌশল, বিভ্ৰম আৰু সংখ্যাতীত দৰ্শক শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ অপৰাজিতা পূজাৰীৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত অভিনেতা যতীন বৰা, কপিল বৰা, পুনম গুৰুং আৰু কমল লোচনে বক্তব্য প্ৰকাশ কৰে ৷

 

 

 

 

You might also like
Leave A Reply

Your email address will not be published.