আজি ১৩ জুলাই

➡️ ১৯৭৭ চনৰ ১৩ জুলাইৰ পৰা কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ কৰা হৈছিল।

➡️ ১৯৯৫ চনৰ আজিৰ দিনটোতে সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা আশাপূৰ্ণা দেৱীৰ মৃত্যু হৈছিল।

➡️ বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ হেইনৰিখ লুই দা আৰেষ্টৰ মৃত্যু হৈছিল ১৮১২ চনৰ আজিৰ দিনটোতেই। তেঁৱেই প্ৰথম নেপচুন গ্ৰহৰ সন্ধান পাইছিল।

➡️ ১৯২১ চনৰ ১৩ জুলাইত ফৰাচী বিজ্ঞানী গেব্ৰিয়েল লিপমানৰ মৃত্যু হৈছিল। ১৯০৮ চনত তেওঁ পদাৰ্থবিদ্যাৰ ন’বেল বঁটা লাভ কৰিছিল।

➡️ ১৯০৫ চনৰ ১৩ জুলাইত কলকাতাৰ পৰা প্ৰকাশিত ‘শান্তিবন’ পত্ৰিকাত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ পণ্য বৰ্জনৰ আহ্বান কৰা হৈছিল।

➡️ ২০০১ চনৰ আজিৰ দিনটোতেই ২০০৮ চনৰ অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছিল চীনে ।

➡️ বিশ্বকাপ ফুটবলত ছটা গ’ল দিয়াৰ স্বীকৃতি স্বৰূপে ক্ৰ’ৱেচিয়াৰ খেলুৱৈ ডেভৰ ছুকেৰে ‘গ’ল্ডেন বুট’ লাভ কৰিছিল ১৯৯৮ চনৰ আজিৰ দিনটোতে।

➡️ ২০০৪ চনৰ ১৩ জুলাইত প্ৰবল বানৰ ফলত ভাৰতৰ পূৰ্বাঞ্চল আৰু উত্তৰ-পূৱৰ ৰাজ্যকেইখনৰ ৫০ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছিল।

➡️ ১৯৩০ চনৰ আজিৰ দিনটোৰ পৰা উৰুগুৱেত প্ৰথম বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল । ইয়াৰ পিছত প্ৰতি চাৰি বছৰৰ মূৰে মূৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ আহিছে। অৱশ্যে দ্বিতীয় মহাসমৰৰ বাবে ১৯৪২ আৰু ১৯৪৬ চনত প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।

You might also like
Leave A Reply

Your email address will not be published.